Skip to main content

we got the news today that the government is finally taking direct action on the security concerns we raised. honestly i am still letting it sink in but thank you to everyone who signed and believed in this effort. lets keep watching to make sure these new safety measures actually …

April 5, 2018

Protection from growing incidence of Rape and Murder in Assam-Addressal of the issue

Protection from growing incidence of Rape and Murder in Assam-Addressal of the issue

🏆 Won — 488 supporters Verified

Final supporters

M
Madhumita b.
S
Someone
S
Someone
M
Manasi b.
S
Sanu b.
R
RATUL L.
D
Dharitri G.
G
Gitimaina b.
M
Manas K.
R
Rajib L.
+478 more
PB
Started by Pradyut Borah 8 years, 5 months ago

প্ৰতি মাননীয় মুখ্যমন্ত্ৰী ,অসম



বিষয়:বৰ্তমান অসমত ভয়াবহ ভাবে বৃদ্ধি পোৱা ধর্ষণ আৰু হত্যা আদি ঘটনাৰ পৰা ৰাইজক সুৰক্ষিত কৰক আৰু অসমত খিলঞ্জীয়াৰ ভূমি আৰু ৰাজনৈতিক অধিকাৰ সুনিশ্চিত কৰি অস্তিত্ব বচাবলৈ আবেদন।



মহোদয়,,আমি খুব উদ্বিগ্নতাৰে লক্ষ্য কৰিছো যে আজি কিছুদিনৰ পৰা অসমত নাৰী ধর্ষণ আৰু হত্যাৰ ঘটনা ভয়াবহ ভাবে বৃদ্ধি পাইছে। চিন্তনীয় কথা এযাও যে এই ঘটনাৰ বলি অধিকাংশ নাৰী অসমৰ খিলঞ্জীয়া। এই কথাই অসমৰ খিলঞ্জীয়া লোকসকলক ক্ষোভিত আৰু ভীতি গ্ৰস্ত কৰিছে। এনেকুৱা পৰিস্থিতি হৈছে যে পৰিয়াল সহ অসমতে কৰবাত যাবলৈ আজিকালি চিন্তা কৰিব লগীয়া ,ছোৱালীজনী বা মহিলা গৰাকী বাহিৰলৈ ওলাই গলে ঘৰ উভতি নহালৈকে পৰিয়ালটো চিন্তিত হৈ থাকে। ঘৰত পত্নী আৰু সন্তানক এৰি থৈ পুৰুষ জনে বাহিৰত উদ্বিগ্নতাৰে সময় পাৰ কৰিব লগা হয়,,জানোচা তেওঁৰ অনুপস্থিতিত কেনেবাকৈ ঘৰত অঘটন ঘটে। কিছু দিন আগতে NRC ঘোষণা হোৱাৰ আগতে টেট শিক্ষায়ত্ৰী সকলক নিৰাপদ স্থানলৈ বদলি কৰিবলৈ চৰকাৰৰ ফালৰ পৰা উদ্যোগ লব লগা হৈছিল । নিৰাপদ স্থান মানে,,অসম খন অসমীয়াৰ বাবে নিৰাপদ নহলে কোন খন ঠাই অসমীয়াৰ বাবে নিৰাপদ হব??কত আছো আমি,,আমি কি স্বাধীন দেশৰ নাগৰিক নহয়??? কিয় আজি আমি আমাৰ পৈত্ৰিক ভেটিতে মুক্ত মনেৰে বিচৰণ কৰিব নোৱাৰা হৈছো??? মহোদয়, এই নাৰী ধর্ষণ আৰু হত্যাৰ ঘটনা সাধাৰণ হিচাপে নলব,,এয়া সাধাৰণ আইন শৃংখলা জনিত পৰিস্থিতি নহয়। সন্দেহ হৈছে ইয়াত গভীৰ ষড়যন্ত্ৰ লুকাই আছে। আমাৰ অসমীয়া সমাজত নাৰীৰ মৰ্যাদা বহুত ওপৰত। নাৰী সকলক এইদৰে চিকাৰৰ লক্ষ্য কৰি আমাৰ অসমীয়া সমাজ খনকে ভীতি গ্ৰস্ত কৰিব খোজা হৈছে। নাৰী সকলক আক্ৰমণ কৰি পুৰুষ সকলক বাধ্য কৰা হৈছে নিৰাপদ স্থানলৈ পৰিয়ালক স্থানতৰ কৰিবলৈ। এইদৰে আমি আমাৰ পূৰ্বপুৰুষৰ ভেটি সমূহ এৰি দিব লগা হৈছে অন্যক। আজি বহু গাঁও আছে যিবোৰৰ নাম খিলঞ্জীয়া কিন্তু এজনো খিলঞ্জীয়া নাই । উদাৰণ আছে তেনে গাঁওৰ যিবিলাক ষাঠি দশকতে উঠি যাব লগা হল নিৰাপদ ঠাইলৈ । ইমান দিনে এই খিলঞ্জীয়াক খেদা কাৰ্য্য সৰু সুৰা অপৰাধাৰে সম্পন্ন কৰা হৈছিল,,এতিয়া সেই অপৰাধ চৰম পৰ্য্যায় পাইছে গৈ।

অসমীয়া খিলঞ্জীয়া ইতিমধ্যে 11খন জিলাত সংখ্যালঘূ হল আৰু বেছি দিন নালাগিব গোটেই অসমতে খিলঞ্জীয়া সংখ্যালঘূ হবলৈ। হয়তো খুব বেছি 20 টা বছৰ। হয়তো অসমীয়া জাতি থাকিব,ভাষা থাকিব,নাম থাকিব কিন্তু নাথাকিব তাত অসমীয়াৰ মাত মতাৰ অধিকাৰ । হয়তো অসমীয়া ভাষাটো থাকিব ( ভাষা থাকিব ভাবিছো কাৰণ বাংলাদেশৰ প্ৰবজিত ন অসমীয়া সকলে অসমীয়া মাধ্যম লৈছে) , কিন্তু অসমীয়া ভাষাৰে মুৰ দাঙি কথা কবলৈ খিলঞ্জীয়া অসমীয়াৰ সাহস নাথাকিব। হয়তো বিহু থাকিব কিন্তু নাথাকিব বিহুৰ উছাহ অসমীয়াৰ গাত। এটা যান্ত্ৰিক প্ৰদৰ্শনী মূলক অনুষ্ঠান হৈ ৰব বিহু। নামঘৰ হয়তো থাকিব কিন্তু তাত বৰসবাহ আৰু ভাওনা পাতিবলৈ হয়তো ৰাইজে আৰক্ষীৰ পৰা সুৰক্ষা বিচাৰিব লাগিব। মেজি হয়তো থাকিব কিন্তু সেই মেজি চৌহদৰ ভিতৰলৈ সোমাই আহিব ,পথাৰত গোট খাবলৈ সাহস নাথাকিব। হয়তো পথাৰ থাকিব ,খেতিত থাকিব অসমীয়া ধানৰ কঠীয়া,কিন্তু সেই ধান দাবলৈ যাব নোৱাৰিব খিলঞ্জীয়া গাভৰু ,বোৱাৰী।

এই বিলাক কথা প্ৰতিজন অসমীয়াই মৰ্মে মৰ্মে উপলব্ধি কৰি জাতি মাটি ভেটি ৰক্ষাৰ বাবে আপোনাক আৰু আপোনাৰ দলক বিপুল সংখ্যা গৰিষ্ঠতাৰে চৰকাৰ কৰিবলৈ পঠালে । মাননীয় মুখ্যমন্ত্ৰী মহোদয়,,আপোনাক আমি জাতিৰ নায়কৰ আসন দিছো ,,আপোনাৰ চৰকাৰৰ ওপৰতে শেষ ভৰসা আমাৰ । উন্নয়ন ,উন্নতি এটা স্বাভাৱিক প্ৰক্ৰিয়া,,কিন্তু অসমীয়াৰ অস্তিত্ব সংকটত পৰাটো এটা অস্বাভাৱিক প্ৰক্ৰিয়া । আপুনি আমাক এই অস্বাভাৱিক প্ৰক্ৰিয়াৰ পৰা উদ্ধাৰ কৰক,,অসমীয়া জাতি বচাওক। বাকী উন্নয়ন ,উন্নতি হৈ থাকিব, কাৰণ অসমীয়াই যদি নাথাকে এই উন্নয়ন কাৰ বাবে?? আমি আজি নিজৰ মাতৃ ভূমিতে শংকিত নিজৰ আৰু উত্তৰ পুৰুষৰ ভবিষ্যতকলৈ , ইয়াতকৈ দুখৰ কথা কি হব পাৰে এটা জাতিৰ বাবে??



মাননীয় মুখ্যমন্ত্ৰী মহোদয়,,আমি কেইটামান পদক্ষেপ আপুনি লোৱাতো আশা কৰিছো।



1.আজি গোটেই ৰাজ্য জুৰি ক্ষোভৰ উদ্গীৰণ হৈছে,,ধর্ষণ আৰু হত্যাকাৰীক ফাঁচী দিয়াৰ দাবী উত্থাপন হৈছে। আমি জানো যে ধর্ষণকাৰী দোষীক ফাঁচী দিয়াৰ IPC ৰ অধীনৰ আইন প্ৰণয়ন কৰাৰ অধিকাৰ ৰাজ্য চৰকাৰৰ নাথাকে,,কিন্তু কেন্দ্ৰ চৰকাৰলৈ প্ৰস্তাবতো প্ৰেৰণ কৰিব পাৰে।আশা কৰো সেই দায়িত্ব আপুনি পালন কৰিব আৰু ৰাইজৰ ইচ্ছাৰ কথা কেন্দ্ৰীয় চৰকাৰক জনাব । নহলে ৰাইজৰ ধৈৰ্যৰ বান্ধ চিঙি গৈ চুবুৰীয়া নাগালেণ্ড আৰু অৰুণাচলৰ দৰে ৰাইজে আইন হাতত তুলি লোৱাৰ পৰিস্থিতি উদ্ভৱ হব পাৰে। যদি সেয়া অসমত হয় তেন্তে সি ভয়ানক ৰূপ হব,,হয়তো সেয়া সাম্প্ৰদায়িক সংঘাটৰ ৰূপ লব আৰু গোটেই দেশতে বিয়পি পৰিব।



2.মহোদয়,, 18 বছৰৰ তলৰ নাবালিকাৰ ধর্ষনৰ দোষীক কঠোৰ শাস্তি দিয়াৰ বাবে POSCO আইন 2012 ৰ অধীনত ৰাজ্য চৰকাৰে নিজা ববীয়া আইন প্ৰণয়ন কৰিব পাৰে আৰু চুবুৰীয়া আৰুণাচলতো তেনে অপৰাধীক ফাঁচীৰ দিয়াৰ আইন প্ৰণয়ন কৰিবলৈ উদ্যোগ লৈছে। আমি অনুৰোধ জনাইছো অসমতো নাবালিক ধর্ষণকাৰীক ফাঁচী দিয়াৰ আইন প্ৰণয়ন কৰক । সিদিনা নগাঁওৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী গৰাকীক ধর্ষণ কৰি জুই জ্বলাই দিয়াৰ দৰে ঘটনাৰ দোষীৰ শাস্তি ফাঁচীও কম হে হয়।



3: মহোদয় ,আমি নিৰাশাৰে লক্ষ্য কৰিছো যে অসমত ধর্ষণ আৰু হত্যাৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া বৰ মন্থৰ গতিত হয়। ইয়াৰ কাৰণ আদালতত আৰক্ষী বিভাগে সময়ত চার্জ ছিট দিব নোৱাৰা হোৱা বাবে শুনা যায়। আজিলৈকে শিক্ষায়ত্ৰী অৰ্ণমাই বৰাৰ গোচৰৰ ৰায়দান এবছৰ উকলি যোৱাৰ পাছতো একো আগ বঢ়া নাই। 2015 চনত মাৰ্ঘেৰিটাৰ কলেজৰ ছাত্ৰী থুকিং টিখকৰ ধর্ষণ কৰি ভাবে নিৰ্মম হত্যা কৰা পাঁচটা বাংলাদেশী মূলৰ অপৰাধী হাতে লুটে ধৰাৰ পাছতো আজি পৰ্যন্ত বিচাৰৰ ৰায়দান নহল। এনেকুৱা শত সহস্ৰ অপৰাধৰ উদাহৰণ আছে যাৰ আজিও বিচাৰ হোৱা নাই। অথচ কেৰেলাত অসমৰে এনেকুৱা এজন বাংলাদেশী মূলৰ অপৰাধীয়ে ধর্ষণ কৰাৰ গোচৰৰ ফাঁচীৰ ৰায়দান খুব কম সময়ত হোৱা বাতৰিত আহিছিল। এই মন্থৰ বিচাৰ প্ৰক্ৰিয়াই ৰাইজক হতাশ কৰিছে আৰু দোষীক উদগনি যোগাইছে। গতিকে প্ৰতিখন জিলা সদৰত ধর্ষণ আৰু হত্যাৰ গোচৰৰ বাবে ফাষ্ট ট্ৰেক আদালত স্থাপন কৰিবলৈ অনুৰোধ জনালো।



4: অসম আৰক্ষীৰ ওপৰত বিভিন্ন কামৰ হেঁচাৰ কথা আমি দেখিছো,,সেইকাৰণে তেওঁলোকে সময়ত এইবিলাক গোচৰৰ ব্যৱস্থা লবলৈ অসমৰ্থ হয় কেতিয়াবা। গতিকে এনে গোচৰৰ ব্যৱস্থা লবলৈ সুকীয়া শক্তিশালী ৰেপিড একচন দল আৰক্ষী বিভাগত গঠন কৰিবলৈ অনুৰোধ জনালো যাতে ভৱিষ্যতে এইবিলাক কাৰ্য্য কৰাৰ কথা সপোনতো ভাবিবলৈ দুৰ্বৃত্তই সাহস গোটাব নোৱাৰে ।

মহোদয়,,আজি কেইবছৰ মান আগতে অপৰাধীক ধৰিবলৈ যাওতে এজন কৰ্তব্যৰত আৰক্ষী বিষয়াক সন্দেহ যুক্ত নাগৰিকে মৰিয়াই হত্যা কৰিছিল। আৰু বিষয়া সহ আন কেইবাজনকো প্ৰহাৰ কৰিছিল। অসমত যদি শান্তি ৰাক্ষক আৰক্ষী সুৰক্ষিত নহয় তেন্তে ৰাইজ কি সুৰক্ষিত হব ?? নাজানো সেই আৰক্ষী জনৰ পৰিয়ালে কিবা চৰকাৰী সাহায্য পালে নে নাপালে। কিন্তু এইবিলাক কথাই আৰক্ষীৰ মনোবলত আঘাট কৰে নিশ্চয়। আমি আশা কৰো আপুনি মহোদয়ে অত্যাধুনিক ৰূপত আৰক্ষী বিভাগটো গঢ় দিয়ক যাতে তেওঁলোকে নিজৰ লগতে ৰাইজৰো সুৰক্ষা দিবলৈ পূৰ্ণ সক্ষম হয়।

5: মহোদয়,অসমত আই এছ আই, জামাতুল মোজাহিদিন বাংলাদেশ আৰু মৌলাবাদী শক্তি , এন জি অ কিছুমানে কাম কৰি আছে বাতৰি কাকতত পাই আহিছো। আমাৰ সন্দেহ যে সাম্প্ৰতিক অসমত হোৱা এইবিলাক ঘটনাৰ আঁৰত এইবিলাক শক্তিৰ হাতো থাকিব পাৰে। কাৰণ চিৰিয়াৰ পৰিস্থিতি ,ৰোহিঙিয়া আদি সমস্যাক লৈ বৰ্হি শক্তিয়ে অহৰহ ৰাইজক উচটাই আছে শুনিব পাইছো। গতিকে মহোদয়ে শীঘ্ৰে এই মৌলাবাদী বিদেশী শক্তি সমূহ চিনাক্ত কৰি কৰায়ত্ত কৰাৰ ব্যৱস্থা লব আশা কৰিলো।



6: মহোদয় অসমত ভূমি বেদখল , চুৰি ,ডকাইতি আদিৰ লগতে উদ্বেগজনক ভাবে বৃদ্ধি পোৱা ঘটনাতো হল লাভ জিহাদ। মহোদয়,,আমি প্ৰেমত বিশ্বাসী,,আমাৰ ভাৰতীয় পৰম্পৰা ই প্ৰেমক উচ্চ স্থান দিয়ে। কিন্তু প্ৰেমৰ নামত চলনা কৰি নিজৰ নাম ঠিকনা মিছাকে কৈ ছোৱালী সমূহক ব্লেক মেইল কৰি বিবাহ কৰোৱা কাৰ্যক কোনো সচেতন নাগৰিকে সমৰ্থন কৰিব নোৱাৰে। বহু সময়ত দেখা যায় এই প্ৰতাৰণা কৰি কৰি বিবাহ কৰি অসাধু চক্ৰক বিক্ৰী কৰি দিয়ে। বহু সময়ত নাবালিকা ছোৱালীকো এই পাক চক্ৰত ফচোৱা দেখা যায়। সঁচা প্ৰেম আমিও আদৰণি জনাও,,কিন্তু ছদ্ম নাম পৰিচয়েৰে শিক্ষিত আৰু অৱস্থাপন্ন ঘৰৰ ছোৱালীক ফুচলাই অশিক্ষিত বদমাছ প্ৰকৃতিৰ লোকেও পলুৱাই নিয়া দেখা যায়। আমাৰ মধ্যবিত্ত পৰিয়াল বিলাক আজিকালি সীমিত,হয়তো এজন বা দুজন সন্তান । সেই সন্তান যদি দুষ্ট চক্ৰৰ হাতত পৰে পৰিয়াল টোৱে বাকী জীৱন কি লৈ জীয়াই থাকিব মহোদয় ?আজিকালি সামাজিক মাধ্যমৰ ব্যাপক প্ৰসাৰৰ ফল স্বৰূপে আমাৰ বিবাহিত মহিলাও ইয়াৰ চিকাৰ হব পাৰে,হয়তো তেওঁ কাৰোবাৰ পত্নী,মাতৃ বা বোৱাৰিও হব পাৰে। এটা পৰিয়ালত তেনে এটা ঘটনা ঘটিলে কি হব পাৰে ভাবিব লগীয়া,,সামাজিক আস্থা আৰু বান্ধোন শেষ হৈ যাব। সেয়ে মহোদয়ে এই বিষয়ৰ ওপৰতো বিহিত ব্যৱস্থা লব আশা কৰিলো। সামাজিক মাধ্যম আৰু ইয়াৰ ভুৱা ব্যৱহাৰকাৰীৰ ওপৰত নজৰ ৰখাৰ ব্যৱস্থা কৰিব আশা কৰিলো। আৰু লগতে সমাজিক মাধ্যমৰ যোগেদি বিদেশৰ পৰা প্ৰচাৰ কৰা প্ৰৰোচনা মূলক বাতৰি সমূহতো নজৰ ৰখাৰ ব্যৱস্থা কৰে যেন।



7:মহোদয় , অসমত খিলঞ্জীয়াৰ ভূমি অধিকাৰ ৰক্ষা কৰাৰ এয়াই শেষ সময়। আমি যদি এতিয়া কিবা নকৰো কালৰ বুকুত আমি অসমৰ ইতিহাসৰ সবাটোতকৈ কলংকিত পুৰুষ আখ্যা পাম আৰু উত্তৰ পুৰুষে চিৰদিন আমাক ধিক্কাৰ দিব। গতিকে শীঘ্ৰে ব্ৰহ্ম আয়োগৰ প্ৰতিবেডনৰ ওপৰত ব্যৱস্থা লওক । নহলে এদিন অসমীয়া সকলেও বাংলাদেশৰ পৰা খেদা খোৱা চাকমা আৰু হাজং শৰণাৰ্থী সকলৰ দৰে অথবা তিৰৱতী শৰণাৰ্থীক সকলৰ দৰে অথবা কাশ্মীৰৰ পৰা খেদা খোৱা শৰণাৰ্থী সকলৰ দৰে অৱস্থা হব আমাৰ,পাহাৰে ভৈয়ামে,সাগৰে মৰুৱে আশ্ৰয়ভিক্ষা বিচাৰি ঘূৰি ফুৰিব লাগিব আমি। এইটো গতিত থাকিলে আমাৰ উত্তৰ পুৰুষে ভৰি দিবলৈ ভেটি নাথাকিব অসমত । গতিকে শীঘ্ৰে খিলঞ্জীয়া ভূমি অধিকাৰ আৰু ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰক অসম চৰকাৰে।



সদৌ শেষত মহোদয় আপোনাক অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু আশাকৰো যাতে আপোনাৰ বলিষ্ঠ নেতৃত্বত অসম বাসীয়েও ৰঙালীত মুকলি মনেৰে ৰং কৰিবলৈ সুবিধা পাব চিৰদিন। ।



অশেষ ধন্যবাদেৰে

বিনীত



1.মৃণাল গোস্বামী

2.Pradyut K. Borah

3.

4.

( ৰাইজৰ স্বাক্ষৰ সমূহ অন লাইন ভাবে সংগ্ৰহ কৰা হৈছে আৰু আবেদনৰ লগত মন্তব্য সহ সংলগ্ন কৰি দিয়া হৈছে)

...

Updates

Reached 250 supporters

March 27, 2018

Reached 100 supporters

March 26, 2018

249 Comments

R
Rubi borah BAishya
8 years ago Featured

প্ৰকৃততে অসমৰ সকলো অপৰাধ নিৰ্মূল হ'ব লাগে ৷ তথাপি ক্ৰমবৰ্দ্ধমান ধৰ্ষণ-হত্যা-নাৰীনিৰ্য্যাতন কঠোৰ হাতেৰে বন্ধ কৰি অপৰাধীক ফাৰ্ষ্টট্ৰেক আদালতৰ যোগেদি তাৎক্ষণিক মৃত্যুদণ্ড বিহিব লাগে ৷৷ সমগ্ৰ ভাৰত বৰ্ষত নহলেও অসমৰ ক্ষেত্ৰত ধৰ্ষণ - নিৰ্য্যাতন সম্বন্ধীয় আইন সলনি কৰি দোষীক কঠোৰতম শাস্তি বিহাৰ ব্যৱস্থা কৰিব লাগে ৷৷

J
Jyotirmoy Barman
8 years ago Featured

Govt should take initiative to make responsible each Village Head along with 04 (local OC ,Principal ,02 female representative from Village ) to act as Displinary Committee for further necessary action ..

R
Rupam Nath
8 years ago Featured

এটা বিশেষ সম্প্ৰদায়ৰ ব্যক্তিৰ অপৰাধ প্ৰৱণতা চূড়ান্তভাবে বৃদ্ধি হৈছে।বিশেষকৈ নাৰী ধৰ্ষণৰ ঘটনা।গতিকে মহোদয়ে যেন এটা কঠোৰ পদক্ষেপ লয় আমাৰ নাৰীসকলৰ সুৰক্ষাৰ বাবে।।

D
Dipankar Kalita
8 years ago Featured

অতি শীঘ্ৰে আইনখন সংশোধন কৰি দোষীক শাস্তিৰ পৰিমাণ দুগুণ বৃদ্ধি কৰক । আৰু আৰক্ষী বিভাগত সমগ্ৰ ৰাজ্যতে বিনামূলীয়া সক্ৰিয় টেলিফোন নম্বৰৰ ব্যৱস্থা কৰক যাতে তেনে ঘটনা সংঘটিত হোৱাৰ লগে লগে ব্যৱস্থা ল'ব পৰা সুবিধা হয় ।

R
Rituparna deka
8 years ago Featured

১২ বছৰৰ তলৰ ছোৱালী ধৰ্ষণ কৰিলে ১ দিনৰ ভিতৰ ফাঁচী , অচিনাকী কোনোবা ব্যক্তিয়ে ধৰ্ষণ কৰিলে এদিনৰ ভিতৰত তদন্ত কৰি ফাঁচী আৰু চিনাকী কোনোৱে ধৰ্ষণ কৰিলে শীঘ্ৰেই উচিত তদন্ত কৰি দোষী প্ৰমাণিত হ'লে ফাঁচীৰ ব্যৱস্থা কৰক

S
Sirumoni Dutta
8 years ago Featured

সচাকৈ আমাৰ অসমৰ বৰ বেয়া অৱস্থা।দলীয় ৰাজনীতি পৰিহাৰ কৰি ভৱিষ্যত প্ৰজন্মৰ বাবে মূৰ তুলি জীয়াই থাকিব পৰা এক সুস্থ পৰিৱেশ ঘুৰাই আনিবৰ বাবে আপোনাক অনুৰোধ জনালোঁ।

A
Anonymous
8 years ago

সুন্দৰ প্ৰদক্ষেপে আগবাঢ়িব লাগিব। election ৰ আগত যি বোৰ প্ৰতিশ্ৰুতি দিছিল সেইমতে কাম কৰিব লাগিব , তেতিয়াহে কিবা এটা হব পাৰে। বাংলাদেশী ওপৰতো আইন প্ৰণয়ন কৰিব লাগিব ।

R
RATUL LIMZA
8 years ago

Yes, This is the right time to think about Axom.