We Need A Bridge  between Majuli & Jorhat
Pronabjyoti Borah 0

We Need A Bridge between Majuli & Jorhat

66 people have signed this petition. Add your name now!
Pronabjyoti Borah 0 Comments
66 people have signed. Add your voice!
7%
Maxine K. signed just now
Adam B. signed just now

মাননীয় মুখ্যমন্ত্ৰী তথা ৯৯ নং মাজুলী বিধান সভা সমষ্টিৰ বিধায়ক সৰ্বানন্দ সোণোৱাল দেৱলৈ মুকলি চিঠি :
© প্ৰনৱজ্যোতি বৰা , মাজুলী ।
মহোদয় ;
পোন প্ৰথমে আপোনাৰ সমষ্টিৰ এজন ভোটাৰ হিচাপে আমাৰ সেৱা গ্ৰহণ কৰিব । কেনেকৈ কৰ পৰা আৰম্ভ কৰিম একো ভাষাকে বিচাৰি পোৱা নাই । দেশ পৰাধীন হৈ থকাৰ সময়ৰ কথা নকওঁ , ১৯৪৭ চনৰ পৰা আজিলৈকে সুদীৰ্ঘ ৭০ টা বছৰে আই মাজুলীৰ সন্তান সকল কেনেদৰে দুৰ্বিষহ জীৱন যাপন কৰি আহিছে সেই কথা কেৱল মাজুলীত বসবাস কৰা ভুক্তভোগী সকলেহে বাখ্যা কৰিব পাৰিব । মাজুলীক বিশ্বৰ দৰবাৰত ঐতিহ্য ক্ষেত্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ যিমান চেষ্টা নকৰক কিয় যদিহে মাজুলীক ভৌগোলিক ভাবে সুৰক্ষিত নকৰে তেনেহলে খুব কম দিনৰ ভিতৰতে বিশ্বৰ বুকুৰ পৰা হেৰাই যাব আপোনাৰ মোৰ আমাৰ সকলোৰে হেপাহৰ প্ৰকৃতিৰ নুমলী জী আই মাজুলী ! অতি আশ্চৰ্যজনক কথা হল মাজুলীবাসীক লৈ একাংশ নীচ মানসিকতাৰ মানুহে বৰকৈ তুচ্ছ - তাচ্ছিল্য কৰে । তেতিয়া প্ৰতিজন মাজুলী আইৰ সন্তানৰ লগতে মাজুলীক নিস্বাৰ্থ ভাৱে ভালপোৱা প্ৰতিজন অসমীয়াই মনত বৰ আঘাত পাই । দেশে স্বাধীনতা লাভ কৰাৰ পাছৰে পৰা কেইবাখনো চৰকাৰ আহিল, গল কিন্তু মাজুলী আইৰ সুৰক্ষাৰ নামত সুযোগ লৈ প্ৰায় বোৰেই আইক খিৰতী গাই হিচাপে ব্যৱহাৰ কৰিলে । যাৰ বাবে আইৰ বক্ষ আজিও সুৰক্ষিত নহল । সৌ সিদিনালৈকে তিনিটা মৌজাৰে আইৰ বুকু শুৱনি কৰি আছিল কিন্তু আজি আইৰ বুকুত দুখ দি মাজুলীৰ পৰা লাহে লাহে হেৰাই গল আহঁতগুৰি নামৰ আইৰ এটা সন্তান । ব্ৰহ্মপুত্ৰৰ কালৰূপত আই আজি থকা সৰকা । পূৰ্বৰ শালমৰা, ভকত চাপৰি , বেচমৰা, দক্ষিণপাট, বগৰীগুৰি, শ্বৰ্ণশিৰি , ওপৰ সোণোৱাল ইত্যাদি প্ৰায়বোৰ অঞ্চল এতিয়া নৈৰ বুকুত ।
মহাশয় ; নিজৰ চকুৰ সন্মুখত সপোনৰ ঘৰ খন নিমিষতে ব্ৰহ্মপুত্ৰই গ্ৰাস কৰি নিয়া দৃশ্য বুকুৰ মাজত লৈ ফুৰা জনক সুধিবছোন কেচা ঘাত নিমখ লগাৰ যান্ত্ৰণা কিমান ? নিজৰ পুত্ৰ- কন্যা , পিতৃ -মাতৃ , আত্মীয়ক উন্নত চিকিৎসাৰ বাবে ভৰা ব্ৰহ্মপুত্ৰ পাৰ কৰি নিব নোৱাৰি চকুৰ সন্মুখত মৃত্যুৰ মুখলৈ এৰি দি অসহায় ভাৱে কেৱল ভগৱানৰ নাম লোৱা সেই জন দুৰ্ভগীয়াক সুধিবছোন " মাজুলী - নিমাতী সংযোগী পকী দলং খনৰ আৱশ্যকতা কিমান ? সেই জন পৰীক্ষাৰ্থীক সুধিবছোন যি জনে ভৱিষ্যতৰ সোণালী সপোন বুকুত বান্ধি এটা চাকৰিৰ সন্ধানত পৰীক্ষা দিবলৈ ওলাই গৈ ফেৰী বিকল অথবা দিশহাৰা হৈ মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত আৱদ্ধ হৈ থাকি ঘন্টাৰ পিছত ঘন্টা দুগাল তিয়াই বুকুত ঢকিয়াই কান্দি থকাৰ বাদে একো কৰিব নোৱাৰি শেষত ঘৰমুৱা যাত্ৰা কৰে ! সপোন ভগাৰ বেদনা কিমান ? যি সময়ত বিজ্ঞানৰ আশীৰ্বাদত বিশ্ববাসীয়ে মংগল গ্ৰহলৈ যাবলৈ প্ৰস্তুতি চলাইছে সেই সময়ত মাজুলীৰ পৰা যোৰহাটলৈ যাবলৈ মাজুলীবাসীয়ে কি কৰিব লাগে এবাৰ সেইজনক সোধকছোঁন যি জনে পুৱতি নিশাই যুদ্ধ সদৃশ প্ৰস্তুতি চলাই ।
মহাশয় লিখি শেষ কৰিব নোৱাৰা যান্ত্ৰণা ভোগ কৰি আহিছোঁ জন্মৰ পৰাই । পৰিত্ৰাণ বিচাৰো এই যন্ত্ৰণাৰ পৰা । ৰাজনৈতিক মেৰপেচ বুজি নাপাওঁ আমি । সাধাৰণ মানুহ দুহাত যোৰ কৰিছো আমাকো স্বাধীন দেশৰ নাগৰিক হিচাপে জীয়াই থকাৰ সুবিধা দিয়ক । আপোনাৰ সমষ্টিৰ এজন নাগৰিক হিচাপে আমাৰ এইটো বিনম্ৰ অনুৰোধ ।।

Share for Success

Comment

66

Signatures

contribute iPetitions
iPetitions is powered by everyday people — not corporations. With nearly 50 million signatures, we've helped spark change in local communities across the globe. We don't take corporate money. We rely on people like you.
Support iPetitions. Help keep us independent and make real change. Help us stay independent. Every dollar helps.
Processed by Paypal and Stripe.
Enter your details on the next page
iPetitions is powered by everyday people — not corporations. With nearly 50 million signatures, we've helped spark change in local communities across the globe. We don't take corporate money. We rely on people like you.